মানকাচৰ – মানকাচৰত অগপৰ টিকটপ্ৰাপ্ত জাবেদ ইছলামৰ বিশাল ৰেলী। টিকট লৈ গুৱাহাটীৰ পৰা সমষ্টিত উপস্থিত হোৱাৰ পিছত জাবেদ ইছলামক মানকাচৰ সমষ্টিৰ অগপ আৰু বিজেপি কৰ্মীৰ উষ্ম আদৰণি। জাবেদ ইছলামৰ পিতৃ প্ৰয়াত জহিৰুল ইছলাম কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী আছিল। জাবেদ ইছলামে কংগ্ৰেছত যোগদনা কৰিছিল যদিও টিকট বঞ্চিত হৈ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি মানকাচৰৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ বাবে অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ ফালৰ পৰা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামক টিকট প্ৰদান কৰাৰ পিছত মঙলাবাৰে প্ৰথম বাৰৰ বাবে টিকট লৈ মানকাচৰ সমষ্টিত উপস্থিত হয় জাবেদ ইছলাম। সমষ্টিত উপস্থিত হোৱাত মানকাচৰ সমষ্টিৰ অগপ আৰু বিজেপি দলৰ নেতা-কৰ্মীয়ে এক বিশাল ৰেলী উলিয়াই জাবেদ ইছলামক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়।

মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম অগপৰ পৰা টিকট লাভ কৰাৰ পিছত গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসলায়ত চিকিৎসাধীন হৈ থকা মাতৃ তথা প্ৰাক্তন বিধায়িকা হুচেনাৰা ইছলামক সাক্ষাৎ কৰি বিয়লিৰ ভাগত মানকাচৰ সমষ্টিত উপস্থিত হয়। প্ৰাক্তন বিধায়ক জাবেদ ইছলাম সমষ্টিত অহাৰ খবৰ পাই অগপ আৰু বিজেপিৰ প্ৰায় পাঁচ সহস্ৰাধিক নেতা-কৰ্মীয়ে এক বিশাল ৰেলী উলিয়াই তেওঁক উষ্ম আদৰণি জনায়।

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰাজাবালা সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক গৰাকীক উষ্ম আদৰণি জনাই ৰেলী উলিওৱা হয়। গুৱাহাটীৰ পৰা মেঘালয় হৈ তেওঁ প্ৰথমে সমষ্টিটো তথা জিলাৰ সদৰ হাটশিঙিমাৰীত উপস্থিত হয়। হাটশিঙিমাৰীত তেওঁ সাংবাদিকৰ সৈতে মত-বিনিময় কৰি পুনৰ ৰেলী উলিয়াই নিজা বাসগৃহ মানকাচৰৰ ফালে ৰাওনা হয়।

মন কৰিবলগীয়া যে জাবেদ ইছলামৰ পিতৃ প্ৰয়াত জহিৰুল ইছলাম কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী আছিল। পৰৱৰ্তী সময়ত জহিৰুল ইছলামৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃ সমষ্টিটিটোৰ পৰা ২০০১ চনত কংগ্ৰেছৰ টিকট বঞ্চিত হৈ এন চি পিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল। একেদৰে ২০১১ চনত জাবেদ ইছলাম নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

পৰৱৰ্তী সময়ত জাবেদ ইছলাম কংগ্ৰেছত যোগদান কৰে যদিও ২০১৬ চনত তেওঁক কংগ্ৰেছৰ টিকট নিদিয়াত তেওঁ পুনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইফালে ২০১৯ চনত লোকসভা নিৰ্বাচনতো জাবেদ ইছলাম অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ ফালৰ পৰা ধুবুৰী লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply