নিউজ ডেস্কঃ কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী সমষ্টিত বৃদ্ধি পালে ভোটাৰৰ সংখ্যা। ২০১৬ চনৰ নিৰ্বাচনৰ তুলনাত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা বাঢ়িল ১,৩৫,৫০২গৰাকী। জিলাখনত মুঠ ভোটাৰৰ সংখ্যা এইবাৰ, ১১,৩৭,৩৭৬গৰাকী হোৱাৰ বিপৰীতে ২০১৬ চনত ভোটাৰৰ সংখ্যা আছিল ১০,০০,৮৭৪গৰাকী।

চাৰিওটা সমষ্টিৰ ভিতৰত দিছপুৰত সৰ্বাধিক ৪,০৬,৫৫৬গৰাকী ভোটাৰ আছে। ইয়াৰ ভিতৰত ২,০২,৪২৩গৰাকী পুৰুষ,২,০৪,১২১গৰাকী মহিলা আৰু ১২গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

৫৩নং পূব গুৱাহাটী সমষ্টিত সর্বমুঠ ভোটাৰৰ সংখ্যা ২,৩৬,২৮৯গৰাকী৷ ইয়াৰ ভিতৰত ১,১৭, ২১৪গৰাকী পুৰুষ, ১,১৯, ০৬৪গৰাকী মহিলা ভোটাৰ আৰু ১১গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷ ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিত সর্বমুঠ ভোটাৰৰ সংখ্যা ২,৯২, ১৩১গৰাকী৷ ইয়াৰ ভিতৰত ১,৪৪,৬৪৫গৰাকী পুৰুষ, ১,৪৭, ৪৭৮গৰাকী মহিলা আৰু ৮গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷জিলাখনৰ অন্তর্গত ৫১নং জালুকবাৰী বিধানসভা সমষ্টিত সর্বমুঠ ভোটাৰৰ সংখ্যা ২,০২,৪০০গৰাকী৷ ইয়াৰ ভিতৰত ৯৯,৮০৪গৰাকী পুৰুষ আৰু ১,০২,৫৮৫গৰাকী মহিলা আৰু ১১গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷

নির্বাচনী জিলাখনত এইবাৰ ১,৭০৭টা ভোটগ্রহণ কেন্দ্রৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ভিতৰত জালুকবাৰী সমষ্টিত ২৯৭টা, দিছপুৰ সমষ্টিত ৬০৭টা, পূব গুৱাহাটী সমষ্টিত ৩৫৩টা আৰু পশ্চিম গুৱাহাটীত ৪৫০টা৷ চাৰিওটা সমষ্টিত সর্বমুঠ ৬৭টা ভোটগ্রহণ কেন্দ্র জটিল ভোটগ্রহণ কেন্দ্র হিচাপে চিনাক্ত কৰা হৈছে৷ এই জটিল ভোটগ্রহণ কেন্দ্রকেইটাৰ ভিতৰত জালুকবাৰী সমষ্টিত ২৬টা, দিছপুৰ সমষ্টিত ৯টা, পূব গুৱাহাটী সমষ্টিত ২টা আৰু পশ্চিম গুৱাহাটীত ৩০টা ভোটগ্রহণ কেন্দ্র আছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply