নিউজ ডেস্ক: উত্তৰ কৰিমগঞ্জৰ ভটগ্ৰামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লী নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। আগন্তুক নিৰ্বাচনত বৰাক উপত্যকাৰ বিজেপি প্ৰাৰ্থী আৰু এগৰাকী অগপ প্ৰাৰ্থীৰ হৈ আয়োজন কৰা বিশাল জনসভাত লাচিত বৰফুকন আৰু নেতাজীক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়।

বৰাকবাসীক সম্বোধন কৰি সমাগত অসমৰ নিৰ্বাচনী প্ৰচাৰ বৰাকৰ পৰাই আৰম্ভ কৰাৰ কথা উল্লেখ কৰে মোদীয়ে। মোদীয়ে ভাষণ প্ৰসংগত কয় যে অসমৰ প্ৰৱেশ দ্বাৰ বৰাক আৰু বিজেপিৰো প্ৰৱেশ দ্বাৰ বৰাক। ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ উন্নয়নৰ মূলমন্ত্ৰ আগত ৰাখি অসমত বিজেপিয়ে কাম কৰি যোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কংগ্ৰেছত নেতাও নাই, নীতিও নাই বুলি কটাক্ষ কৰে।
কংগ্ৰেছ চৰকাৰৰ নীতিয়ে অসমক সামাজিক, সাংস্কৃতিক, ভৌগোলিক আৰু ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰা বুলি সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। নাগৰিকক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপি দলৰ এটা নীতি আৰু এটা ভাল উদ্দেশ্য আছে বুলি উল্লেখ কৰি কংগ্ৰেছে ‘ভোট বেংকৰ ৰাজনীতি’ কৰা বুলি অভিযোগ তোলে। সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰভাৰী বৈজয়ন্ত জয় পান্ডাসহ মিত্ৰদলৰ বৰাক উপত্যকাৰ সকলো প্ৰাৰ্থীয়ে অংশ লয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply