নিউজ ডেস্ক: অসম বিধান সভাৰ ১ এপ্ৰিলত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৩৯ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হব ।দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থী অবত্তীৰ্ণ হৈছে । ইয়াৰে ১১১ গৰাকীয়েই হ’ল নিৰ্দলীয় প্ৰাৰ্থী ।
এডিআৰে প্ৰকাশ কৰা তথ্য মতে মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৭ গৰাকী প্ৰাৰ্থীয়েই নমিনেচনত তেওলোকৰ অপৰাধ জনিত গোচৰ থকা কথাটো উল্লেখ কৰিছে । ইয়াৰে ৩০ জনৰ বিৰুদ্ধে আছে গুৰুত্বৰ অপৰাধ ।

অপৰাধৰ গোচৰত সাঙোৰ খাই থকা প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰথম তিনিটা স্থানত আছে ৭টা গোচৰেৰে কংগ্ৰেছৰ কৰিমগঞ্জ দক্ষিণ সমষ্টিৰ ছিদ্দেক আহমেদ , ৬টা গোচৰেৰে অসম জাতীয় পৰিষদৰ পাথাৰকান্ডিৰ প্ৰাৰ্থী হুমায়ুন কবিৰ, পাঁচটা গোচৰৰে অগপৰ আলগাপুৰৰ প্ৰাৰ্থী আফতাব উদ্দিন লস্কৰ ।

সৰ্বাধিক অপৰাধী প্ৰাৰ্থী থকা সমষ্টি কেইটা হ’ল সোনাই আৰু কলাইগাও। এই দুয়োটা সমষ্টিতে তিনিজনকৈ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধ জনীত গোচৰ।
মহিলাৰ বিৰুদ্ধে থকা অপৰাধী তিনিজন হ’ল আলগাপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী নিজাম উদ্দিন চৌধুৰী, হাইলাকান্দিৰ বিজেপি প্ৰাৰ্থী মিলন দাস, শিলচৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বাপ্পি পাল । হত্যাৰ অভিযুক্ত কেইজন হল কলাইগাও সমষ্টিৰ বিজেপি প্ৰাৰ্থী মধু ৰাম ডেকা বৈঠালাংচু সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ছৰচিং ইংলে ওডালগুৰি সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰী ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,666 other subscribers

Leave a comment

Leave a Reply