মানকাচৰ : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিবলৈ ধৰিছে সিমানেই গৰম হৈ উঠিছে নিৰ্বাচনী বহাহ। মানকাচৰ সমষ্টিত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। মানকাচৰ সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব যদিও অগপ-বিজেপিৰ মিত্ৰজোঁটৰ সমৰ্থিত অগপৰ প্ৰাৰ্থী জাবেদ ইছলাম আৰু কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁট বন্ধৰ সমৰ্থিত এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ মাজতেই মূল যুঁজ হ’ব বুলি এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে।

বিশেষকৈ কংগ্ৰেছী বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলক মহাজোঁট বন্ধনে কংগ্ৰেছৰ পৰা টিকট নিদিয়াত তেওঁ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে আমিনুল ইছলামক কংগ্ৰেছী সকলে সমৰ্থন দি মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আৰম্ভ কৰাত আমিনুল ইছলাম মানকাচৰ সমষ্টিৰ পৰা জয়ী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এনে পৰিস্থিতিৰ মাজত অগপৰ প্ৰাৰ্থী জাবেদ ইছলাম নিৰ্বাচনী সভাৰ জৰিয়তে আমিনুল ইছলামক মানকাচৰৰ কুটিৰ ঘাট গাঁৱৰ সাধাৰণ শিক্ষকৰ পুত্ৰ হৈ বিধায়ক হোৱাৰ সপোন দেখা বুলি তুচ্ছ তাচ্ছিল্য কৰা ঘটনাক লৈ দেওবাৰে নিশা আমিনুল ইছলাম এআইইউডিএফৰ এক নিৰ্বাচনী সভাত অগপ-বিজেপিক দেশৰ প্ৰধান শত্ৰু বুলি কৈ জাবেদ ইছলামক নিকৃষ্ট ৰাজনীতি নকৰিবলৈ সকিয়নি প্ৰদান কৰে।

সভাখনত আমিনুল ইছলাম কয় যে এন আৰ চি হৈ গল, কোটি কোটি টকা খৰচ হ’ল। আজি স্বৰাজ মন্ত্ৰী এন আৰ চি নামানো বুলি কয়। এন আৰ চি কাৰো পিতৃৰ সম্পত্তি নহয়। আমি এন আৰ চি মানিমেই। তেওঁ আৰু কয় যে আজি আমি মাটি কিনিব নোৱাৰি, অসমীয়া সকলৰ এশ শতাংশ অধিকাৰ লাগে। অসমীয়া সকলৰ এশ শতাংশ এম এল এ, এম পি ৰ অধিকাৰ লাগে। এশ শতাংশ চাকৰি লাগে। আমি-আপুনি নিজকে কৈ আছো আমি অসমীয়া, গামোছা লৈ আছো অসমীয়াৰ, জাপি লৈ আছো অসমীয়াৰ, শৰাই লৈ আছো অসমীয়াৰ, বিহু মাৰি আছো অসমীয়াৰ, পঢ়া-শুনা কৰি আছো অসমীয়াত কিন্তু আমালোকক তেওঁলোক অসমীয়া বুলি স্বীকৃতি নিদিয়ে। অগপ-বিজেপিয়ে আমাৰ লগত এই ফৰ্মুলা কৰি আছে সৰ্বদিশতে আমাক বঞ্চিত কৰি ৰাখিছে।

ইফালে অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে মানকাচৰৰ দুৰ্নীতি বন্ধ কৰিব বুলি চিঞৰি থাকে কিন্তু তেওঁ নিজেই বল্ডাৰ কেলেংকাৰীৰ লগত জৰিত হৈ আছে বুলি প্ৰাক্তন বিধায়ক তথা অগপৰ প্ৰাৰ্থী জাবেদ ইচলামক তীব্ৰ সমালোচনা কৰে এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামে। একেদৰে জাবেদ ইছলাম আমিনুল ইছলামৰ কৃষ্ণচূৰা নামৰ ধাবাক লৈ হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰাক লৈ আমিনুল ইছলাম কয় মোৰ ধাবাৰ নাম কৃষ্ণচুৰা কিন্তু ধাবাক লৈ বিতৰ্ক আৰম্ভ কৰিছে। কৃষ্ণচূৰা এটা ফুলৰ নাম। এই ফুলক জাবেদ ইছলাম হিন্দু-মুছলমানৰ ৰূপ দিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাৰান্দাত ভৰি নিদিয়া জাবেদ ইছলামৰ নূন্যতম জ্ঞান খিনিও নাই যে কৃষ্ণচূৰা ফুলক লৈ হিন্দু-মুছলমাৰ বিতৰ্ক আৰম্ভ কৰিছে। একেদৰে আমিনুল ইছলাম মানকাচৰৰ কুটিৰঘাট গাঁৱৰ জামাল উদ্দিনৰ পুত্ৰ হৈ এমএলএ হোৱাৰ সপোন দেখাক লৈ জাবেদ ইছলাম তথা তেওঁৰ পত্নীয়ে তুচ্ছ তাচ্ছিল্য কৰা মন্তব্যক লৈ আমিনুল ইছলামে মৃত আদৰ্শবান শিক্ষক পিতৃক লৈ ৰাজনীতি বন্ধ কৰিবলৈ জাবেদ ইছলামক সকীয়ানি প্ৰদান কৰি কয় মানকাচৰৰ দৰিদ্ৰ-দুখিয়াৰ পৰা আৰম্ভ কৰি প্ৰতিজন লোকৰ বিধায়ক হোৱাৰ অধিকাৰ আছে।দেশৰ প্ৰধান শত্ৰু অগপ আৰু বিজেপি, অসমৰ প্ৰতিটো সম্পদ অগপ-বিজেপিয়ে বিক্ৰী কৰিলে। দেশৰ শত্ৰুক প্ৰতিহত কৰাৰ বাবে আমি ৯ টা দল একত্ৰিত হৈছো। এইবাৰ চৰকাৰ মহাজোঁটৰ হোৱাটো এশ শতাংশ নিশ্চিত।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মোদীৰ বতাহ থকাৰ বাবে উজনীত তেওঁলোক অধিক আসন পাইছিল কিন্তু এইবাৰ মোদীৰ বতাহ পামছাৰ হৈছে। সেই বাবে আমি চৰকাৰ গঠন কৰিমেই।পৃথীবিৰ ভিতৰত এনে কোনো দেশ নাই, যত ধৰ্ম গ্ৰন্থক সংশোধন কৰে কিন্তু অগপ-বিজেপিয়ে ভাৰতত ধৰ্ম গ্ৰন্থৰ ওপৰত হস্তক্ষেপ কৰিছে। ১৪শ বছৰীয়া কোৰান শ্বৰীফত থকা তিনি তালাক বন্ধ কৰি নজীৰ বিহীন ঘটনাৰ সৃষ্টি কৰিছে অগপ-বিজেপিৰ চৰকাৰখনে বুলিও মন্তব্য কৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply