প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক: অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লী সামৰণি পৰিব | নির্বাচন আয়োগে ইতিমধ্যে স্পষ্ট কৰি দিছে যে নির্বাচনী প্রচাৰৰ সময় অন্ত পৰাৰ লগে লগে কোনো ব্যক্তিয়ে নির্বাচনী প্রচাৰ সম্পর্কীয় কোনো সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰিব নোৱাৰিব৷

মঙলবাৰে হবলগা তৃতীয় পর্যায়ৰ নির্বাচনত মুঠ ৩৩৭গৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ নির্বাচনী যুঁজত অৱতীর্ণ হোৱা ৰথী–মহাৰথীসকলৰ ভিতৰত আছে ৬ গৰাকীকৈ বৰ্তমানৰ মন্ত্রী । সেইসকলৰ ভিতৰত আছে ড০ হিমন্ত বিশ্ব শর্মা, সিদ্ধার্থ ভট্টচার্য, চন্দ্রমোহন পাটোৱাৰী, চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম, ফণীভূষণ চৌধুৰী৷

ইয়াৰ উপৰিও বহু কেইগৰাকী বৰ্তমানৰ বিধায়কৰো ভাগ্য নিৰ্ণয় হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত । সেইসকলৰ ভিতৰত বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, নাৰায়ণ ডেকা, সুমন হৰিপ্রিয়া, অশ্বিনী ৰায় সৰকাৰ, অশোক কুমাৰ সিংঘী, ৱাজেদ আলী চৌধুৰী, আবুল কালাম ৰছিদ আলম, আব্দুৰ ৰছিদ মণ্ডল, শ্বেৰমান আলী আহমেদ, জাকিৰ হুছেইন শিকদাৰ, শুকুৰ আলী আহমেদ, নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, ৰমেন্দ্র নাৰায়ণ কলিতা আদি ।

অসম জাতীয় পৰিষদ

ইয়াৰ উপৰি প্রাক্তন বিধায়ক যতীন মালী, কংগ্রেছৰ অসীমা বৰদলৈ, মীৰা বৰঠাকুৰ গোস্বামী, মনজিৎ মহন্ত, শংকৰ প্রসাদ ৰায়, অগপ বিধায়ক গুণীন্দ্র নাথ দাস, প্রাক্তন বিধায়ক ভূপেন ৰায়, জ্যোতিষ দাস, জ্যোতিপ্রসাদ দাস, ডাঃ কমলা কলিতা, এআইইউডিএফৰ বিধায়ক নজৰুল হক, নিজানুৰ ৰহমান, হাফিছ বছিৰ আহমেদ কাছিমী, ৰফিকুল ইছলাম, বিপিএফৰ বিধায়ক মাজেন্দ্র নার্জাৰী, ৰবিৰাম নার্জাৰী, কমল সিং নার্জাৰী, প্রাক্তন বিধায়ক হিতেশ বসুমতাৰী, ইউপিপিএলৰ প্রাক্তন সাংসদ উর্খাও গৌৰা ব্রহ্ম, সোমনাথ নার্জাৰী, মনোৰঞ্জন ব্রহ্ম, লৰেঞ্চ ইছলাৰী, জয়ন্ত বসুমতাৰী, লেহৰাম বড়ো, ভূপেন বড়ো, অসম জাতীয় পৰিষদৰ বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱা, প্রাক্তন বিধায়ক পবিন্দ্র ডেকা, অদীপ ফুকন, দুলু আহমেদ, চিপিআই (এম)ৰ মনোৰঞ্জন দাস, তৃণমূল কংগ্রেছৰ গোপীনাথ দাস আদিৰো ভাগ্য বন্দী হ’ব ৬ এপ্ৰিলত ।

কংগ্ৰেছৰ নির্বাচনী প্রচাৰ


নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সদৌ অসম কর্মচাৰী পৰিষদৰ প্রাক্তন সম্পাদকপ্রধান চৰণ চন্দ্র ডেকা দিছপুৰ সমষ্টিৰ পৰা , প্রাক্তন মন্ত্রী মহিবুল হক, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা, ৰছুল হক, দীপক ৰাভা, আবুল কালাম আজাদ, আবু তাহেৰ বেপাৰী, সাংসদ নৱ কুমাৰ শৰণীয়াই বৰমা সমষ্টিৰ পৰা নির্দলীয় হিচাপে অৱতীর্ণ হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply