দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ দুৰ্গম অঞ্চললৈ ৰাওনা হ’ল নিৰ্বাচনী বিষয়া সকল। জিলখনত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। জিলাখনৰ দুৰ্গম অঞ্চল সমূহত দেওবাৰে পুৱাৰ ভাগতে জিলা প্ৰশাসনে মুঠ ২৫১ টা পলিং বিষয়াৰ দল ভোট গ্ৰহণৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ প্ৰেৰণ কৰে। হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিৰ মুঠ ৫৯৩ টা ভোট গ্ৰহণ কেন্দ্ৰত অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।

ভোট গ্ৰহণৰ বাবে সাধাৰণতে এদিন পূৰ্বে ভোট গ্ৰহণ কেন্দ্ৰলৈ পলিং বিষয়াৰ দল প্ৰেৰণ কৰা হয় যদিও জিলখনৰ অধিকাংশ এলেকাই নদী তথা চৰাঞ্চল হোৱাৰ বাবে ভোট গ্ৰহণৰ দুদিন পূৰ্বে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পলিং বিষয়াৰ দল প্ৰেৰণ কৰা হয়। দেওবাৰে পুৱা প্ৰায় ৯ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনৰ দায়িত্বত থকা পৰ্যাবেক্ষক, জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰ, জিলা নিৰ্বাচনী বিষয়া তথা প্ৰাৰ্থী সকলৰ প্ৰতিনিধিৰ উপস্থিত তলা খুলি মুকলি কৰা হয়। ইয়াৰ পাছতেই পলিং বিষয়া সকলক ভোট গ্ৰহণৰ সামগ্ৰী বিতৰণ কৰা হয়। দক্ষিণ শালমাৰা সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ২৭৭ টা। ইয়াৰে দূৰ্গম এলেকাৰ বাবে মুঠ ২৫১ টা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে পলিং বিষয়াৰ দল প্ৰেৰণ কৰা হয়।

আনহাতে সোমবৰে সমষ্টিটোৰ আন ২৬ টা পলিং বিষয়াৰ দল আৰু মানকাচৰ সমষ্টিৰ ৩১৬ টা পলিং বিষয়াৰ দলসহ মুঠ ৩৪২ টা পলিং বিষয়াৰ দল জিলা প্ৰশাসনে প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অতি দূৰ্গম এলেকাত পলিং বিষয়াৰ দল প্ৰেৰণৰ বাবে বাছ, টেম্পু, গৰু তথা ঘোৰা গাড়ীকে ধৰি নদী এলেকাৰ বাবে যন্ত্ৰ চালিত নাওঁৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰ জানিবলৈ দিয়ে। ইফালে জিলাখনৰ দুৰ্গম অঞ্চলৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ যাৱলগীয়া পলিং বিষয়াৰ দল সমূহে জিলা প্ৰসাসনৰ ফালৰ পৰা সকলো প্ৰকাৰৰ সঁহাৰি তথা সহায়-সহযোগিতা লাভ কৰা বুলি পলিং বিষয়াৰ দল সমূহে জানিবলৈ দিয়ে।

জিলাখনত থকা মুঠ ৫৯৩ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত দক্ষিণ শালমাৰা সমষ্টিত ২৭৭ টা ভোট গগ্ৰহণ কেন্দ্ৰ আছে। আনহাতে মানকাচৰ সমষ্টিত ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৩১৬ টা। মানকাচৰ সমষ্টিৰ ৩১৬ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,২৬,৬৪৯ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,১৪,৪৫২ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ১,১২,১৯২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৫ গৰাকী। আনহাতে দক্ষিণ শালমাৰা সমষ্টিৰ মুঠ ২৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৮৯,২০৯ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯৭,১১৪ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৯২,০৯০ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৫ গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply