হৰ্ছ টেডিঙৰ আশংকাত উদ্বিগ্ন মহাজোঁট

নিউজ ডেস্ক: নিৰ্বাচন শেষ হ’ল । অহা ২ মেত ফলাফল ঘোষণা হ’ব । তাৰ আগতেই তৎপৰ হৈ পৰিছে মহাজোঁট । এইবাৰৰ নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব বুলি নিশ্চিত হৈ আছে মহাজোঁট । শাসকীয় বিজেপিক পৰাস্ত কৰি চৰকাৰত বহাৰ সপোন দেখা মহাজোঁটৰ অংশীদাৰ দল সমূহে নিজৰ প্ৰাৰ্থীসকলক লৈ বিশ্বাস কৰিব পৰা নাই । সেইবাবেই বৰ্তমান সময়ৰ ৰাজনীতিৰ অন্যতম অস্ত্ৰ বিধায়ক কিনা-বিকা ৰাজনীতি এইবাৰ অসমত হ’ব বুলি শংকা কৰিয়েই প্ৰাৰ্থীসকলক ৰাজ্যৰ পৰা আতৰাই পঠিওৱাৰ কাম আৰম্ভ কৰিছে । এইক্ষেত্ৰত প্ৰথমেই তৎপৰতা দেখুৱাইছে বদৰুদ্দিন আজমলৰ দল এআইইউডিএফে । দলটোৰ প্ৰাৰ্থীসকলক নিৰ্বাচনৰ ফলাফল নোলোৱালৈকে বাহিৰলৈ পঠিওৱাৰ সিদ্ধান্ত লৈছে । এআইইউডিএফৰ ৪ গৰাকী প্ৰাৰ্থী ইতিমধ্যে বহিঃ ৰাজ্যলৈ প্ৰেৰণ। ৰফিকুল ইছলাম আৰু আমিনুল ইছলামত বহিঃৰাজ্যলৈ প্ৰেৰণ। আন ১৪ গৰাকী প্ৰাৰ্থীও শুকুৰবাৰে বহিঃ ৰাজ্যলৈ ৰাওনা হ’ব।

এআইইউডিএফৰ প্ৰাৰ্থীসকলক আজি বিশেষ চাৰ্টাৰ্ড বিমানেৰে বাহিৰলৈ পঠিওৱা হৈছে বুলি জানিব পৰা গৈছে। অহা ২ মে’ৰ নিৰ্বাচনী ফলাফল ঘোষণা হোৱালৈকে প্ৰাৰ্থীসকলক ৰাজ্যৰ বাহিৰৰ হোটেলত ৰখাৰ সিদ্ধান্ত লৈছে দলটোৱে। এই সময়চোৱাত
এআইইউডিএফৰ প্ৰাৰ্থীসকলৰ সৈতে যাতে কোনোৱে যোগাযোগ কৰিব নোৱাৰে তাৰ বাবে একোটা নিৰ্দিষ্ট মোবাইলহে তেওলোকক দিয়াৰ হে সিদ্ধান্ত লৈছে দলটোৱে ।
কেইবাগৰাকী প্ৰাৰ্থীয়ে লগত পৰিয়াল লৈ যোৱাৰ লগতে আন কেইগৰাকীমান অকলেই গৈছে।
মিত্ৰজোঁটৰ বিগব্ৰাদাৰ ৰূপী কংগ্ৰেছৰ ফালৰ পৰাও একেই ব্যবস্থা লোৱাৰ কথা ওলাইছে বহুকেইগৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰত । হাগ্ৰামা মহিলাৰীৰ দল বিপিএফ ফালৰ পৰাও সকলো প্ৰাৰ্থীক কোকৰাঝাৰলৈ তলব কৰিছে । তেওলোকৰ ক্ষেত্ৰতো একেই ব্যবস্থা লোৱাৰ কথা প্ৰকাশ কৰিছে । শুকুৰবাৰে বিয়লি মহিলাৰীৰ সৈতে বৈঠক মিলিত হোৱাৰ সম্ভাৱনা। হৰ্ছ টেডিঙৰ আশংকাত উদ্বিগ্ন মহাজোঁট। কাইলৈৰ ভিতৰত ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা।

বিজেপি মিত্ৰজোঁটে সংখ্যা গৰিষ্ঠতা নাপাই বুলিয়েই মহাজোঁটৰ শেহতীয়া অংকত ওলাই পৰাৰ পিছতেই বিজেপিয়ে আন দলত ভাঙোন আনিবলৈ চেষ্টা কৰাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখিয়েই এইদৰে তৎপৰ হৈছে মহাজোঁটৰ অংশীদাৰ দলসমূহ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply