পশ্চিমবংগত ভোটগ্ৰহন
পশ্চিমবংগত ভোটগ্ৰহন

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে পশ্চিমবংগৰ অন্তিম তথা অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ ৷

ৰাজ্যখনৰ মুঠ ৮ টা পৰ্যায়ত ২৯৪ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷

অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণত ৩৫ টা বিধানসভা সমষ্টিত ৮,৪৯,৩,২৫৫ গৰাকী ভোটাৰে মুঠ ২৮৫ গৰাকী প্ৰাৰ্থীৰ পৰা ভাগ্য নিৰ্ণয় কৰিব ৷

মুঠ ৩৫ টা সমষ্টিৰ ভিতৰত ১১ টা বিধানসভা সমষ্টি মূৰ্চিদাবাদ আৰু বীৰভূম, ৭ টা উত্তৰ কলকাতা আৰু মালদাত ৬ টা সমষ্টি আছে ৷
আজি ভোটগ্ৰহনতো হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে ৷ উত্তৰ কলকাতাৰ মহাজাতি সদন প্ৰেক্ষাগৃহৰ বাহিৰত বোমা বিস্ফোৰণ হোৱাৰ খবৰ ৷
ৰাজ্যপাল জগদীপ ধানকাৰ, বিজেপি নেতা অভিনেতা মিথুন চক্ৰবৰ্তীয়ে পুৱাই ভোটদান কৰে ৷
ৰাজ্যখনত কোৰোনাৰ ভয়াবহ সংক্ৰমনৰ মাজতে অনুষ্ঠিত হোৱা ভোটগ্ৰহনত জনসাধাৰনক নিয়মৰ মাজেৰে ভোটদান কৰিবলৈ যোৱা দেখা নগ’ল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply