বিজেপিৰ হাতত ৬১ বিধায়ক। একক সংখ্যাগৰিষ্ঠতাৰ বাবে লাগে আৰু মাথো ৩ গৰাকী বিধায়ক। এনে পৰিস্থিতিত কালি ৰঙিয়াত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিস্ফোৰক মন্তব্য। বিজেপিলৈ আহিব বিভিন্ন দলৰ কেইবাজনো বিধায়ক, এইবুলি মন্তব্য় কৰাৰ পিছতে বিজেপি মিত্ৰজোঁটৰ অসম গণ পৰিষদ আৰু ইউপিপিএল শিবিৰত লাগিছে হাহাকাৰ।