নিউজ ডেস্কঃ আজি মিচিং জনগোষ্ঠীৰ পবিত্ৰ আলি-আঃয়ে-লৃগাং উৎসৱ। ৰাজ্যজুৰি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখলেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱ। আহকচোন জানোঁ এই উৎসৱৰ বিষয়ে কিছু কথা – কৃষিজীৱি মিচিং লোকসকলে আজি পৰম্পৰা অনুসৰি শস্য ৰোপণ অথবা বীজ সিঁচাৰ উৎসৱ আলি-আঃয়ে-লৃগাং পালন কৰে। প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং এই উৎসৱ পালন কৰা হয়। মিচিং […]