নিউজ ডেস্কঃ শুকুৰবাৰে সন্ধিয়া দক্ষিণ কাশ্মীৰৰ পবিত্ৰ অমৰনাথ গুহাৰ ওচৰত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানপানীৰ ফলত এতিয়ালৈকে ১৫জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে, আহত হৈছে ৪৮জন আৰু প্ৰায় ৪০ জন লোক সন্ধানহীন হৈ আছে বুলি প্ৰশাসনে জনাইছে। উদ্ধাৰ কৰা মৃতদেহকেইটা শনিবাৰে ৰাতিপুৱা বালতাললৈ প্ৰেৰণ কৰা হৈছে। আহতসকলক চিকিৎসাৰ বাবে আৰ্মী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। […]