আন্দামানৰ কাৰাগাৰ চাবলৈ অসমৰ ১০০০ যুৱক-যুৱতীক পঠিয়াব অসম চৰকাৰে। ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ দ্বাৰা শিকিবলৈ আৰু অনুপ্ৰাণিত হ’বলৈ ১০০০ যুৱক-যুৱতীক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত চেলুলাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।