কোকৰাঝাৰঃ কোকৰাঝাৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ। কোকৰাঝাৰ জিলাৰ মহামায়া সংৰক্ষিত বনাঞ্চল আৰু গুমা সংৰক্ষিত বনাঞ্চলৰ ঘন জংঘলৰ পৰা উদ্ধাৰ হৈছে মাৰণাস্ত্ৰখিনি। আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটা ৰাইফল, চাৰিটা মেগজিন, বহুসংখ্যক গ্ৰেণেড , ২২টা প্ৰেছাৰ বোমা , ২২ টা কেপ । কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত চলিছিল এই অভিযান।