Posted inNews

অধিবক্তা শান্তনু ভৰালীক অসম মানৱ অধিকাৰ আয়োগৰ সদস্য হিচাপে নিযুক্তি

নিউজ ডেস্ক: অসমৰ ৰাজ্যপাল মাননীয় গোলাপ চান্দ কাটাৰীয়াই অধিবক্তা শান্তনু ভৰালীক মানৱ অধিকাৰ আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে ভৰালী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা আছিল। লগতে তেওঁ বিজেপিৰ মানৱ অধিকাৰ কোষৰ প্ৰথম আহ্বায়ক আছিল। দেশৰ ভিন্ন প্ৰান্তৰ মানৱাধিকাৰ অনুষ্ঠানৰ সৈতেও জড়িত আছিল ভৰালী। বৃহস্পতিবাৰে শান্তনু ভৰালীয়ে এই দায়িত্ব গ্ৰহণ কৰিব।