নিউজ ডেস্কঃ আজি বোকাখাতত মুখ্যমন্ত্রী জন আৰোগ্য যোজনা (MMJAY)-ৰ অধীনৰ “আয়ুষ্মান অসম কাৰ্ড” বিতৰণৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই। বোকাখাত নাট্য মন্দিৰত আয়োজিত এক অনুষ্ঠানত বোকাখাত মহকুমাৰ ৩৩ গৰাকী হিতাধিকাৰীক আয়ুষ্মান অসম কাৰ্ড আনুষ্ঠানিকভাৱে প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। বোকাখাত মহকুমাৰ সৰ্বমুঠ ৯১,০০০ গৰাকী হিতাধিকাৰীয়ে এই যোজনাৰ অধীনত সুবিধা লাভ কৰিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি […]