Posted inNews

ৰাজ্যত পুনৰ তীব্ৰ ভূমিকম্পৰ জোকাৰণি

নিউজ ডেস্ক- ৰাজ্যত পুনৰ তীব্ৰ ভূমিকম্পৰ জোকাৰণি। আজি পুৱা ১০.১৭বজাত গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। জানিব পৰা মতে, এই ভূমিকম্পৰ জোকাৰণি উত্তৰ পূৰ্বাঞ্চলৰ আন স্থানৰ লগতে বাংলাদেশতো অনুভূত হৈছে। ৰিখটাৰ স্কেলত এই তীব্ৰ ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৮। ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশৰ চিলেটৰ পৰা ১২ কিলোমিটাৰ পূবত বুলি জানিব পৰা গৈছে।