আহোম জনগোষ্ঠীক লৈ বিতৰ্কিত মন্তব্য কৰি অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল কংগ্ৰেছৰ বিধায়ক ভৰত নৰহ।২৪ মে’ত ৰাজ্যপালৰ ভাষণৰ ওপৰত অভিমত প্ৰদান কৰি ভৰত নৰহে আহোম জনগোষ্ঠীক লৈ কৈছিল কিছু নক’বলগীয়া কথা।আহোম জনগোষ্ঠীৰ লোকসকলতকৈ চৰ-চাপৰিৰ পমুৱা-মুছলমান অথবা অজানপীৰ-বাঘ হাজৰিকাৰ বংশধৰ খিলঞ্জীয়া মুছলমানসকল আহোমতকৈও অধিক খিলঞ্জীয়া বুলি মন্তব্য কৰি আহোম জনগোষ্ঠীৰ ৰোষত পৰিছিল নাওবৈচাৰ বিধায়ক ভৰত নৰহ। […]