নিউজ ডেস্কঃ উত্তৰ বিহাৰক দক্ষিণ বিহাৰৰ সৈতে সংযোগ কৰাৰ বিহাৰ চৰকাৰৰ উচ্চাকাংক্ষী প্ৰকল্পৰ অধীনত আগুৱানী আৰু চুলতানগঞ্জৰ মাজৰ গংগা নদীৰ নিৰ্মাণ হৈ থকা দলং খন দেওবাৰে নদীত খহি পৰে। দেওবাৰে সন্ধিয়া ৬.১৫ বজাত চাৰি লেনৰ নিৰ্মাণ হৈ থকা দলংখন খহি যোৱাত চাৰিটা স্তম্ভও গংগা নদীত ডুব যায়। ঘটনাটোত এজন নিৰাপত্তাৰক্ষী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। […]