শনিবাৰে পুৱা পুনৰ দুটাকৈ বিস্ফোৰণে কঁপাই তুলিছে জম্মু-কাশ্মীৰ। এই বিস্ফোৰণত কেইবাগৰাকীও লোক আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জম্মুৰ নৰৱাল অঞ্চলৰ এটা ঔদ্যোগিক এলেকাত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণৰ আঁৰত কোন জড়িত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্য বিস্ফোৰণস্থলীত ফৰেনছিক বিশেষজ্ঞৰ দল উপস্থিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। জম্মুৰ অতিৰিক্ত আৰক্ষী […]