নিউজ ডেস্ক: কাৰ্তিক পূৰ্ণিমা উপলক্ষে ব্ৰহ্মপুত্ৰত গা ধুই থকা অৱস্থাত মঙলবাৰে ডিব্ৰুগড় জিলাত এজন ৪৮ বছৰীয়া ব্যক্তিৰ সলিল সমাধি ঘটে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ প্ৰকল্প বিষয়া (ডিব্ৰুগড়) দীপজ্যোতি হাতিকাকটিয়ে জনোৱা মতে ডিব্ৰুগড় চহৰৰ এছ পি কাৰ্যালয়ৰ সমীপত থকা নদীৰ পাৰত শোকাৱহ ঘটনাটো সংঘটিত হয়। নিহত লোকজনক নিউ মাৰ্কেট হৰিজন কলনিৰ বাসিন্দা মিথু বাছফৰ […]