কোৰোনা ভয়াবহ ৰূপত সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত কোৰোণাৰ টেষ্টিঙৰ ক্ষেত্ৰতো সমস্যা দেখা দিছে। বৰ্তমান সময়ত প্ৰায় ২৪ ঘণ্টা সময় লাগে এটা ৰিপ’ৰ্ট দিয়াৰ ক্ষেত্ৰত। ইয়াৰ ফল বাৰুকৈয়ে ভুগিবলগীয়া হৈছে ৰোগীয়ে। সময়ত ৰিপ’ৰ্ট নহাৰ ফলত ৰোগীয়ে বেলেগৰ দেহলৈ বিয়পাইছে ৰোগ। এই সমস্যাৰ সমাধান দিছে খড়গপুৰ আই আই টিৰ এদল গবেষক ছাত্ৰই। আবিষ্কাৰ কৰিছে কোৰোণা টেষ্টিং কিট। […]