Posted inNews

দৰিদ্ৰতা, শাৰীৰিক প্ৰত্যাহ্বান নেওচি মনীষাই লাভ কৰিলে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী

দৰিদ্ৰতাপিষ্ট এটি পৰিয়ালৰ দুটি কোঠালিৰ ঘৰটোত ইফালে-সিফালে থৰক-বৰক খোজেৰে ঘূৰি ফুৰা  ২২ বছৰীয়া এগৰাকী কন্যা। যুৱতীগৰাকীয়ে যে কোনোমতে শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰি চলা-ফুৰা কৰে তেনে নহয়, মাত কথাবোৰতো উচ্চাৰণৰ স্বাভাৱিকতা নাই।