টীয়ক: পৱিত্ৰ ভাদ মাহ উপলক্ষে সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কুশল-মংগলৰ অৰ্থে সেৱা আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰলৈ ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয় ৷ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ দৰ্শন কালতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ অসম দৰ্শন আৰু আনটাইড […]