Posted inNews

আৰু এটা ৰাজনৈতিক ‘জাতীয় দল অসম’ৰ কি প্ৰয়োজন?

অসমত আৰু এটা ৰাজনৈতিক দল। আৰু এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত অলপতে গুৱাহাটীত গঠিত হৈছে এই দলটো। নাম দিয়া হৈছে জাতীয় দল,অসম। JDA. বিভিন্নজনে সমালোচনা কৰিছে, কটাক্ষ কৰিছে যে মাত্ৰ তিনিগৰাকী লোকে সংবাদমেল অনুষ্ঠিত কৰি এটা ৰাজনৈতিক দলৰ জন্ম দিছে।