নিউজ ডেস্কঃ ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বিভিন্ন জনৰ ঘৰ-বাৰী উটুৱাই নিছে প্ৰলংয়কাৰী বানে। বানে উটুৱাই নিছে পশুধন। লগতে বানত পৰি বহুকেইজন লোকৰ মৃত্যু হোৱাৰ খবৰো পোৱা গৈছে। এইবাৰ যমুনামুখত বানৰ মাজতে উদ্ধাৰ হৈছে এটা মৃতদেহ। পথৰ দাঁতিতে উদ্ধাৰ কৰা হৈছে মৃতদেহটো। বানৰ কোবাল সোঁতে মৃতদেহটো উটুৱাই অনাৰ সন্দেহ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি […]