Posted inঅসম

চিলিণ্ডাৰ বিস্ফোৰণ ঘটি আঠটাকৈ বাসগৃহ ভস্মীভূত

কামৰূপৰ শিঙিমাৰী আলিকাষত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত আঠটাকৈ বাসগৃহ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত প্ৰায় ৫০লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে। জুইত বহুতো গুৰুত্বপূৰ্ণ নথি-পত্ৰও জাহ যায়। ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।