কমাৰগাঁও (গোলাঘাট): গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰৰ কানফলাত আজি সন্ধিয়া এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বাদুলিপাৰৰ কানফলাৰ চুনু গগৈ নামৰ এজন মূৰ্গী পালকৰ ফাৰ্মত সংঘটিত হয় উক্ত অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ছাৰখাৰ কৰে মূৰ্গী পালক চুনু গগৈৰ বৃহৎ ফ্ৰামখন। থলুৱা প্ৰজাতিৰ হাঁহ কুকুৰা পালন কৰি পৰিয়াল চলাই আছিল চুনু গগৈয়ে। ঘটনাস্থলিত দেৰগাঁও আৰক্ষী […]