নিউজ ডেস্কঃ ১৪ এপ্ৰিলত বিহুৰ বিশ্ব অভিলেখ গঢ়াৰ কথা আছিল। কিন্তু বুধবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে কয় যে, সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা গীনিজ বুক অব ৰেৰ্কডৰ অনুষ্ঠান ১৪ এপ্ৰিলত নহয়, হ’ব ১৩ এপ্ৰিলত। অৰ্থাৎ আজি গীনিজ বুক অৱ ৰেকৰ্ডছৰ বাবে ১০ হাজাৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্যত অংশগ্ৰহণ কৰিব। […]