ইংলেণ্ডৰ বাৰ্মিংহামত এটা হিন্দু মন্দিৰত মুছলমান লোকে অগ্নি সংযোগ কৰাৰ অভিযোগ আনি শ্বেয়াৰ কৰা এটা বিল্ডিঙত সংঘটিত এক অগ্নিকাণ্ডৰ ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই আনকি মন্দিৰৰ বাহিৰত হিন্দু লোকক মুছলমান লোকে মাৰপিট কৰাৰো অভিযোগ আনিছে। সঞ্জয় ফাড়নাৱিছ (@sanjayfandavis1) নামৰ এজন টুইটাৰ ইউজাৰে ভিডিঅ’টো শ্বেয়াৰ কৰি এইদৰে লিখে, “নৱৰাত্ৰিৰ সময়ত […]