নিউজ ডেস্ক: সোমবাৰে ইণ্ডোনেছিয়াৰ মূল দ্বীপ জাভাত সংঘটিত এক ভূমিকম্পত ১৬২জন লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগৰ মতে, ৫.৬ প্রাবল্যৰ এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল পশ্চিম জাভা প্ৰদেশৰ চিয়ানজুৰ অঞ্চলত ভূপৃষ্ঠৰ পৰা ১০ কিল’মিটাৰ (৬.২ মাইল) গভীৰত। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা এজেন্সিৰ মুৰব্বী ছুহাৰিয়ান্টোৱে কয়, ‘চিয়ানজুৰ আঞ্চলিক চিকিৎসালয়তে ৪৬জন […]