বহু প্ৰত্যাশিত ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ টিকট বিক্ৰী আজি পুৱা ১১ বজাৰ পৰা অনলাইন যোগে আৰম্ভ হৈছে। bookmyshow.com যোগে এই বিক্ৰী আৰম্ভ হৈছে। উল্লেখ্য যে অহা ২ অক্টোবৰত বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে প্ৰথম ১৫,০০০ টিকট আজি মুকলি কৰি দিয়া হৈছে।