নিউজ ডেস্ক- চলিত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমাছৰ ভাৰোত্তোলনত অসমৰ প্ৰতিভাসম্পন্ন ভাৰাত্তোলক স্বপ্নাপ্রিয়া বৰুৱাই স্বর্ণপদক জয়লাভ কৰে। তেওঁ অন্ধ্ৰপ্ৰদেশৰ যোগী বেমানা বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰিছিল। কালি অনুষ্ঠিত মহিলাৰ শাখাৰ ৮৭ কেজি বিভাগত স্বপ্নাপ্রিয়াই সামগ্রিকভাবে ১৮৮ কেজি উত্তোলন কৰি এই সাফল্য অৰ্জন কৰে। উল্লেখ্য যে, স্বপ্নাপ্রিয়া বৰুৱাই স্নেটছত ৮০ কেজি আৰু ক্লিন এন্ড জার্কত ১০৮ কেজি উত্তোলন কৰে।