লক্ষীপুৰঃ গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। লক্ষীপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য। ডিএছপি ৰূপজ্য়োতি কলিতাৰ নেতৃত্বত লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক চন্দ্ৰ ৰায়, জলেশ্বৰ আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰ সহ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজভিটা গাঁৱত অভিযান চলাই উদ্ধাৰ কৰে ড্ৰাগছখিনি। লগতে আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ী জহিৰুল ইছলামক। […]