সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত সাপেখাতিৰ ৰহন শ্যাম গাঁও। ১৯১৮ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল গাঁওখনে। লাকুৱা-চলাপথাৰৰ পৰা অহা কেইজনমান লোকৰ বসতি স্থাপনেৰে আৰম্ভ হৈছিল গাঁওখন। টাই খাময়াং জনগোষ্ঠীৰ লোকৰ বসতিস্থল এই গাওঁখনত পৰৱৰ্তী সময়ত ১৯১৯ চনত স্থাপন কৰা হয় এটা বৌদ্ধ বিহাৰ। প্ৰথমাৱস্থাত কাঠ-বাঁহেৰে নিৰ্মিত বৌদ্ধ বিহাৰ অৰ্থাৎ বৌদ্ধ সাংস্কৃতিক আৰু বিপাশ্যনা কেন্দ্ৰটি সম্প্ৰতি […]