নিউজ ডেস্ক: নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ কর্তৃপক্ষ আৰু সম্পর্কিত বিষয়াবর্গৰ সৈতে শুক্ৰবাৰে জনতা ভৱনৰ কার্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এক বৈঠকত মিলিত হয়। বৈঠকত চিকিৎসা মহাবিদ্যালয়খনৰ সৈতে জড়িত বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ সম্পর্কত বিশদ আলোচনা কৰা হয়। আন্তঃগাঁথনি, ২৪×৭ সেৱাৰ বাবে প্রয়োজনীয় স্বাস্থ্যকর্মী তথা চিকিৎসা মহাবিদ্যালয়খন সুচাৰুৰূপে চলাই নিবৰ বাবে অন্যান্য সমস্যাসমূহৰ বিষয়েও […]