বিগত কিছুদিনৰ পৰা ভীষণ মানসিক অস্থিৰতাত ভুগিছো। পিতৃ, পুত্ৰ বা স্বামী হিচাপে নহয়, সাংবাদিক হিচাপে। এয়া সম্ভৱতঃ মোৰেই হোৱা নাই, বহুজনৰ হৈছে। ক’ভিডৰ সময়ত পত্নীক হাস্পতাললৈ লৈ যাবলৈ অটোৰিক্সা এখন যোগাৰ কৰিবলৈ অসমৰ্থ হোৱা সাংবাদিকজনৰ পৰা আৰম্ভ কৰি একমাত্ৰ পৰিয়ালটোৰ বাবে, চাকৰিৰ উপৰিও আন বহু সৰু সৰু কামেৰে নিশা এপৰলৈ সাৰে থকা সাংবাদিকজনলৈ, মনত একেজাক ধুমুহা।
Tag: NDFB chief Ranjan Daimary
Posted inঅসম