নিউজ ডেস্কঃ নেপালৰ কাঠমাণ্ডুৰ ললিতপুৰ জিলাত এটা অক্সিজেন প্লান্টত বিস্ফোৰণ ঘটি দুজন ভাৰতীয় লোকৰ মৃত্যু হৈছে। লগতে আহত হৈছে ছয়জনকৈ লোক। বৃহস্পতিবাৰে পুৱা পাটন ঔদ্যোগিক এলেকাৰ সাগৰমঠ অক্সিজেন প্লান্টত কৰ্মচাৰীসকলে চিলিণ্ডাৰত গেছ ভৰ্তি কৰি থাকোতে বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণটো ইমানেই প্ৰবল আছিল যে প্লান্টটোৰ কাষৰ অট্টালিকাবোৰৰ খিৰিকীৰ কাঁচ ভাঙি গৈছিল। আৰক্ষীৰ তথ্য অনুসৰি বিস্ফোৰণটোত ব্ৰজ […]