১১ দিন ধৰি চলা ৰক্তাক্ত সংঘৰ্ষৰ অৱসান ঘটাই অৱশেষত শুকুৰবাৰে ইজাৰাইল আৰু পেলেষ্টাইনৰ সশস্ত্ৰ গোট হামাছৰ মাজত যুদ্ধবিৰতি স্থাপন হৈছে। সংবাদ মাধ্যম BBC-ৰ মতে এই সংঘৰ্ষত ২৪০ গৰাকীতকৈ অধিক লোকে প্ৰাণ হেৰোৱাব লগা হয়। যুদ্ধবিৰতিৰ খবৰ ওলোৱাৰ লগে লগে পেলেষ্টাইনৰ জনগণ গাজাৰ বাট-পথ সমূহলৈ ওলাই আহে। ইজৰাইলৰ সুৰক্ষা মন্ত্ৰী পৰিষদ (Political Security Cabinet)-এ যুদ্ধবিৰতিৰ সিদ্ধান্তক […]