অসম সহ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ আজি দুটা দিন অতিক্ৰম কৰাৰ পিছতো মুখ্যমন্ত্ৰী অসমত কোন হ’ব সেই লৈ অনিশ্চয়তা আতৰা নাই । তাৰ মাজতে বিজেপি নেতৃত্বাধীন পুডুচেৰীৰ এন ডি এ চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে । ৩০ জনীয়া পুডুচেৰী বিধানসভাত এইবাৰ বিজেপি আৰু অল ইন্ডিয়া এন আৰ কংগ্ৰেছে মিলি ১৬ খন আসনত জয়লাভ কৰিছে । […]