দিল্লীত পুনৰ আৰম্ভ কৃষক আন্দোলন। কৃষক নেতাসকলে তেওঁলোকৰ দাবী উত্থাপনৰ বাবে আকৌ এবাৰ দিল্লী অৱৰোধ আৰম্ভ কৰিছে। সোমবাৰে দিল্লীৰ ৰামলীলা ময়দানত সংযুক্ত কিষান মৰ্চাৰ আহ্বানত কঠোৰ নিৰাপত্তাৰ মাজত কিষাণ মহাপঞ্চায়তৰ বাবে হাজাৰ হাজাৰ কৃষকৰ সমাবেশ হৈছে। মুলত ৭টা দাবীৰে এই সমাবেশৰ আহ্বান কৰিছে কৃষকসকলে। কৃষি সংক্ৰান্তিয় কাণ্ডৰ একাধিক সিদ্ধান্তৰ বিৰোধীতাৰে এই সমাবেশ আয়োজন কৰা হৈছে। […]