শিৱসাগৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ মাৰোৱাৰী পট্টী আনন্দৰাম বৰুৱা উদ্যানৰ সমীপৰ পৰাই আলু,পিয়াজৰ গুদামৰ নামত বছৰ বছৰ জুৰি মাৰাত্মক লালী গুৰৰ ব্যৱসায় চলাই থকা কুখ্যাত চক্ৰটোৰ ঘাটিত অৱশেষত আৰক্ষীৰ অভিযান চলাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত। শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত উপ আৰক্ষী অধীক্ষক ডেইজী গগৈৰ নেতৃত্বত সদৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ […]