বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকক জৰিমনা। প্ৰধানমন্ত্ৰী ঋষি সুনাকে বৃহস্পতিবাৰে গাড়ীৰে উত্তৰ-পশ্চিম ইংলেণ্ডৰ গন্তব্যস্থানলৈ গৈ আছিল। চলন্ত গাড়ীখনত তেওঁ অলপ সময়ৰ বাবে ছিটবেল্ট আঁতৰাই দিছিল। তেওঁ সামাজিক মাধ্যমৰ বাবে এটা ভিডিঅ’ ল’বলৈ ছিটবেল্ট আঁতৰাই দিছিল। কিন্তু এই নিয়ম ভংগৰ বাবে আৰক্ষীৰ জৰিমনাৰ সন্মুখীন হয় প্ৰধানমন্ত্ৰী সুনাক। বিৰোধীৰ সমালোচনাৰ পৰিপ্ৰেক্ষিতত বৃটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘটনাটোৰ বাবে ইতিমধ্যে ক্ষমা বিচাৰিছে। […]