গুৱাহাটীঃ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে। ”ইয়াত এখন অৰণ্য আছিল” নামৰ গ্ৰন্থখনৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে। কিতাপখনৰ মূল বিষয়বস্তু আমচাং অৰণ্য আৰু উচ্ছেদ। আমচাং অৰণ্যৰ পৰা জনবসতিৰ উচ্ছেদৰ সামগ্ৰিক পৰিৱেশ সুন্দৰকৈ বৰ্ণিত হৈছে গ্ৰন্থখনত। অনুৰাধা শৰ্মা পূজাৰীয়ে ২০০৩ চনত অসম সাহিত্য সভাৰ কুমাৰ […]