নিউজ ডেস্ক: প্ৰায় তিনি বছৰ পিছত চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা আজি নতুন দিল্লীত উপস্থিত হয়। এই চাৰিদিনত দুয়োখন দেশৰ মাজত জল ব্যৱস্থাপনা, ৰে’লৱে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ৭খনকৈ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। আজি দিল্লী বিমানবন্দৰত কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী দৰ্শনা জাৰডোশ উপস্থিত হৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনায়। […]