নিউজ ডেস্ক : কৃষক আন্দোলন চলি থকা দিল্লী-হাৰিয়ানা সীমান্তৰ সিংঘু বৰ্ডাৰত এজন যুৱকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। আজি পুৱা কৃষক আন্দোলনস্থলীৰ মূল গে’টৰ সমীপৰ এখন লোহাৰ বেৰিকেডত বান্ধি থোৱা অৱস্থাত এজন প্ৰায় ৩৫ বছৰীয়া অচিনাক্ত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয়। এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে আজি পুৱা প্ৰায় ৫ বজাত কৃষক আন্দোলনস্থলীৰ সমীপত […]