জামুগুৰিহাটঃ উত্তৰ প্ৰদেশৰ বুদায়ুত অনুষ্ঠিত ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জামুগুৰি টাইকোৱানডো একাডেমীৰ ছাত্ৰ ধ্ৰুপদ কাশ্যপে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । যোৱা ১০ ছেপ্টেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ১৪ বছৰ অনূৰ্ধ্বৰ ৪১ কেজি শাখাত অংশগ্ৰহণ কৰি ঝাৰখণ্ডৰ খেলুৱৈক হৰুৱাই সোণৰ পদক বুটলি আনিবলৈ সক্ষম হোৱা জামুগুৰিহাটৰ শান্তিপুৰ নিবাসী মুকুল বৰা […]