নিউজ ডেস্ক- আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাৰ মাকুমত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। তেওঁ লগতে স্বাস্থ্য বিভাগ, লোকনিৰ্মাণ বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণকাৰ্য ত্ৰুতিবিহীনভাৱে আৰু দ্ৰুততাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত যাবতীয় নিৰ্দেশনা প্ৰদান কৰে। চিকিৎসা মহাবিদ্যালয়খনক […]