মাটিকঁঠাল আৰু নেমুটেঙাৰ পিছত এইবাৰ বহিঃ ৰাষ্ট্ৰলৈ কঁঠালৰ ৰপ্তানি কৰিছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাই। ৰাজ্যখনৰ উদ্যানশস্য বিভাগৰ বিষয়াই জনোৱা মতে আজি ত্ৰিপুৰাৰ পৰা গ্ৰেট বৃটেইনলৈ প্ৰথমবাৰৰ বাবে কঁঠালৰ ৰপ্তানি কৰা হয়। উদ্যানশস্য বিভাগৰ সঞ্চালক ড০ ফণিভুষণ জামাতিয়াই জনোৱা মতে বৃহস্পতিবাৰে ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ ট্ৰেইন যোগে ৩৫০ টা কঁঠাল পঠোৱা হয়, শুকুৰবাৰে এই কঁঠালসমূহ দিল্লী হৈ গ্ৰেট […]