Posted inঅসম

‘মৌন ওঁঠ মুখৰ হৃদয়’ স্রষ্টা য়েছে দৰজে ঠংচিলৈ এই বৰ্ষৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’

গুৱাহাটীঃ বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ য়েছে দৰজে ঠংচিলৈ চলিত বৰ্ষৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’ আগবঢ়াইছে নগাঁৱৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে। ‘জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল। ‘মৌন ওঁঠ মুখৰ হৃদয়’ নামৰ উপন্যাসৰ বাবে য়েছে দৰজে ঠংচিয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। অহা ২৪ ছেপ্টেম্বৰত […]